বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ কনিষ্টবলক, মৃতদেহ উদ্ধাৰ

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

ইয়াৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত।

বলিয়া বানে উটুৱাই নিলে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক।

1 6
বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ কনিষ্টবলক, মৃতদেহ উদ্ধাৰ 4

ইতিমধ্যে এছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ নিশাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ মৃতদেহ সােমবাৰে পুৱা উদ্ধাৰ কৰা হয়।

3 4
বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ কনিষ্টবলক, মৃতদেহ উদ্ধাৰ 5

উল্লেখ্য যে, দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

জানিবপৰামতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে।

পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে শ্বহীদ কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰত উপস্থিত হয় মাতৃ-পত্নীক সাক্ষাৎ কৰি সান্ত্বনা জনায়।

20 06 22 Nagaon paying last tribute to SI Sammujal Kakoti and constable Rajib Bordoloi 1
Pix BY UB Photos

সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত তেওঁ কয় যে দুয়ােজন আৰক্ষীৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠা অমৰ হৈ ৰ’ব।