অসম

প্ৰতিকূল বতৰ আৰু বান পৰিস্থিতিৰ বাবে কাইলৈ উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ভয়াৱহ বানৰ কবলত পৰিছে কামৰূপ জিলা।

প্ৰতিকূল বতৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিততে কাইলৈ উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২০ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা আগজাননীৰ পিছতে লোৱা হৈছে এই সিদ্ধান্ত।

image 157

কামৰূপ জিলা প্ৰশাসনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান কাইলৈ অৰ্থাৎ ২০ জুন সোমবাৰে বন্ধৰ ঘোষণা কৰিছে।

অৱশ্যে সেইদিনা পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।