অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ নতুন অধ্যক্ষ মনোজ বৰুৱা

নিউজ ডেস্ক। অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ মনোজ বৰুৱাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

গুৱাহাটীৰ উলুবাৰীৰ ৰামকৃষ্ণ মিছনস্থিত বিপণন পৰিষদৰ কাৰ্যালয়ত বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শুভকাংক্ষীৰ উপস্থিত বৰুৱাই দায়িত্ব গ্ৰহণ কৰে।

Manoj-Barua-taking-charge-as-Chairman-of-Assam-State-Agricultural-Marketing-Board-at-Assam-State-Agr

কাৰ্যভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে ৰাজ্যখনত কৃষি সামগ্ৰী বিপণন প্ৰক্ৰিয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ স্বাৰ্থত শক্তিশালী পদক্ষেপ গ্ৰহণৰক পোষকতা কৰে।

ৰাজ্যৰ কৃষক সমাজৰ উৎপাদিত শস্যৰ উপযুক্ত মূল্য প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি প্ৰকাশ কৰি তেওঁ কয় যে এইক্ষেত্ৰত বিপণন পৰিষদৰ ওপৰতে অৰ্পণ কৰা দায়িত্ব সঠিকভাৱে পালন কৰা হ’ব।

এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপলাল মহন্ত, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটা, ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তকে ধৰি বহুসংখ্যক লোক উপস্থিতত থাকে।

Leave a Comment