অসম

আৰক্ষীৰ তালাচীত নৈশ বাছৰ পৰা জব্দ ৫৪ কেজি গাঞ্জা, চাৰিজনক আটক…

ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই এখন নৈশ চুপাৰ বাছৰ পৰা বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

কাটিগড়াত থানা আৰু গুমৰাহ আৰক্ষী চকীৰ আৰক্ষীয়ে নিশা দিগৰখাল কম্বাইণ্ড তালাচী চকীত চলোৱা অভিযানত বাছ খনৰ পৰা জব্দ কৰা হয় গাঞ্জা খিনি।

বদৰপুৰ- গুৱাহাটি অভিমুখী এম এন ০১ বিএ -০১৫২ নম্বৰৰ নৈশ বাছখনৰ ছিটৰ তলত লুকুৱাই অনা হৈছিল গাঞ্জাখিনি৷

জব্দ কৰা গাঞ্জাখিনিৰ পৰিমাণ ৫৪ কেজি বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷

আনহাতে আৰক্ষীয়ে চাৰিজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে৷

ধৃত কেইজন হল সুনীল কুমাৰ (২৫), দুর্গেশ কুমাৰ (২৫) আৰু ৰাজেশ ৰায় (৬০ )। ইয়াৰে এজন নাবালক

ধৃত কেইজনৰ ঘৰ বিহাৰত বুলি সদৰী কৰিছে আৰক্ষীয়ে৷

আৰক্ষীয়ে সদৰী কৰা মতে, গাঞ্জা খিনি বিহাৰৰ উদ্দেশ্যে নিয়াৰ কথা আছিল৷

জব্দকৃত গাঞ্জাখিনৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *