অসম

অসম-মেঘালয় সীমা সমস্যাৰ সমাধান, দিল্লীত সীমা সমস্যা সমাধানক লৈ স্বাক্ষৰিত হ’ল চুক্তি…

৫ দশকজোৰা অসম-মেঘালয় সীমা সমস্যাৰ সমাধান।

দিল্লীত অসম-মেঘালয় সীমা সমস্যা সামধানক লৈ স্বাক্ষৰিত হ’ল চুক্তি।

দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হ’ল চুক্তি।

Image

চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা।

গৃহমন্ত্ৰালয়ত আবেলি ৪বজাত স্বাক্ষৰিত হয় চুক্তি।

উল্লেখ্য যে, বিগত ৫০ বছৰ ধৰি দুয়োখন ৰাজ্যৰ মাজত চলি আহিছিল সীমা সমস্যা।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

লগতে দুয়োখন ৰাজ্যৰ এই প্ৰচেষ্টাক শলাগ লৈ অভিনন্দন জ্ঞাপন কৰে অমিত শ্বাহে।

Leave a Reply

Your email address will not be published. Required fields are marked *