অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যে গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক…

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যে গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক।

৫ আগষ্টত অসম-মিজোৰামৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যে বৈঠকৰ পাছত আজি অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক।

অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ সন্দৰ্ভত গুৱাহাটীত খানাপাৰা ষ্টাফ কলেজত বৈঠক অনুষ্ঠিত হ’ব এই বৈঠক।

এই বৈঠকত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে দুয়ো ৰাজ্যৰ আন আন প্ৰতিনিধি।

দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক।

এই বৈঠকত দুই ৰাজ্যৰ মাজত চলি থকা দীৰ্ঘদিনিয়া সীমা সমস্যা সমাধানৰ বাট মুকলি হ’ব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বেও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত সীমা সমস্যাক কেন্দ্ৰ কৰি মেঘালয়ত এক বৈঠক অনুষ্ঠিত হৈছিল।

Leave a Comment