অসম

বিধায়ক আৱাসৰ পৰা হেৰোৱা চাইকেল ওভতাই পালে বিধায়ক মৃণাল শইকীয়াই…

অৱশেষত হেৰোৱা চাইকেলখন ওভতাই পালে বিধায়ক মৃণাল শইকীয়াই।

বিধায়ক আৱাসৰ পৰা চুৰি হৈছিল খুমটাইৰ বিধায়কজনৰ চাইকেলখন। 

যি স্থানৰ পৰা হেৰাইছিল সেই স্থানতেই নিশা কোনো লোকে থৈ যায় চাইকেলখন।

চাইকেলখন চুৰি হোৱাৰ পিছতে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল বিধায়ক গৰাকীয়ে।

মৃণাল শইকীয়াই লিখিছিল- ‘গুৱাহাটীৰ চৰকাৰী আবাসগৃহৰ পৰা মোৰ চাইকেলখন কোনো লোকে লৈ গৈছে। মই ইতিমধ্যে চিচিটিভি কেমেৰাৰ জৰিয়তে অনুসন্ধান চলাই আছো আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত অধ্যক্ষ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছো। সেয়েহে জনাওঁ যে সোনকালে যাতে চাইকেলখন আগৰ স্থানত থৈ যায়হি।’

তাৰ পিছতেই চাইকেলখন কোনো লেকে পূৰ্বৰ স্থানত থৈ যায়।

 এই সন্দৰ্ভত শইকীয়াই ধন্যবাদ জনাইছে ব্যক্তি গৰাকীক।

এই সন্দৰ্ভত বিধায়কজনে ছচিয়েল মিডিয়াত লিখিছে, ‘এটা ফেচবুক প’ষ্টত কালি মই আহ্বান জনোৱা মৰ্মে মোৰ হেৰোৱা চাইকেলখন কোনো লোকে পূৰ্বৰ স্থানতে থৈ যায়হি। প্ৰথমে সেই লোকজনক বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতক কওঁ যে, আপুনি যদি বহুত অভাৱৰ বাবে এই কৰ্ম কৰিছিল তেনে মোৰ পৰা অকণমান সহায় আহি লৈ যাওক, মই যি পাৰোঁ সহায় কৰিম। মোৰ চাইকেল খন ঘুৰাই পোৱাৰ কামনাৰে বহু জনে ফেচবুক প’ষ্টত কমেণ্ট চেয়াৰ কৰিছিল, সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

Leave a Reply

Your email address will not be published. Required fields are marked *