অসম

গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কৰ আৰোপঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ সিদ্ধান্ত নাকচ মুখ্যমন্ত্ৰীৰ…

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ সিদ্ধান্ত নাকচ মুখ্যমন্ত্ৰীৰ।

গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণত কৰৰ সিদ্ধান্ত ঘোষণা কৰিছিল মন্ত্ৰী ৰঞ্জিত দাসে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ঘোষণা- গাঁৱত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত কৰ আৰোপ আৰু পঞ্চায়তৰ অনুমতিৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে।

মন্ত্ৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতি। এনে অনুমতি-কৰৰ কথা চিন্তাই কৰা নাই চৰকাৰে।

মন্ত্ৰী দিল্লীত থকা অৱস্থাতে মুখ্যমন্ত্ৰীয়ে নাকচ কৰিলে গ্ৰাম্য কৰ।

বিগত দুদিন ধৰি এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে গাঁৱৰ জনসাধাৰণলৈ সৰ্বোচ্চ সেৱা আগবঢ়োৱাই হৈছে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু এই ক্ষেত্ৰত উন্নয়নমূলক আঁচনি সমূহ ৰূপায়ণৰ মূল আহিলা হৈছে পঞ্চায়ত ব্যৱস্থা।

চৰকাৰে নতুনকৈ কোনো পঞ্চায়তৰ অুমোদন ব্যৱস্থা বা কৰ আৰোপৰ কথা চিন্তা কৰা নাই বুলিও উল্লেখ কৰি দিয়ে বিবৃতিটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *