অসম

অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ’ব দুখন সমিতি…

অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হ’ব দুখন সমিতি।

শুক্ৰবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বৈঠকত দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে জানিব দিয়া অনুসৰি আগন্তুক দিনত দুয়োখন ৰাজ্যই সীমান্ত সমস্যা সমাধানৰ বাবে দুখন সমিতি গঠন কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

উল্লেখ্য যে, সীমান্তকেন্দ্ৰিক সংঘৰ্ষৰ ফলত অসম আৰক্ষীৰ ছয়জনকৈ জোৱান নিহত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে দুয়োজন মুখ্যমন্ত্ৰীয়ে অসম ভৱনত মিলিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *