অসম

আলফা (স্বা) ৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুই প্ৰাক্তন আলফা

নিউজ ডেস্ক। পুনৰ আলফা (স্বাধীন)ৰ নামত ধন দাবীৰ ঘটনা।

টিংখাঙত আৰক্ষীৰ জালত পৰিল আলফাৰ নামত ধন দাবী কৰা দুই ভুৱা আলফা।

আলফাৰ নামত ধন দাবী কৰাৰ অভিযােগত নোমল চেতীয়া আৰু দিলীপ ফালি নামৰ প্ৰাক্তন আলফা দুজনক গ্ৰেপ্তাৰ কৰিছে টিংখাং আৰক্ষীয়ে।

উল্লেখ্য যে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা গৌতম কণ্ট্ৰাক্চন নামৰ ব্যক্তিগত কোম্পানীটোক ফোন যোগে আলফাৰ নামত ধন দাবী কৰিছিল উক্ত লোক দুজনে।

নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধন দাবীত জড়িত লোক দুজনক টিংখাঙৰ ৰাজগড়ৰ ৰাজভকতীয়াৰ নিজা বাসগৃহৰ পৰা আটক কৰে।

আৰক্ষীয়ে ফোন ৰেকৰ্ডিঙৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *