অসম গৌৰৱ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ আনুষ্ঠানিকভাৱে DSP পদ, ৫০ লাখ চেক প্ৰদান…

অসম গৌৰৱ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ আনুষ্ঠানিকভাৱে অসম চৰকাৰে প্ৰদান কৰিলে উপ-আৰক্ষী অধীক্ষক পদ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নয়নমণি শইকীয়াক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এই সন্মান। 

লগতে অসম ক্ৰিয়া নীতি আধাৰত প্ৰদান কৰা হয় ৫০ লাখ টকাৰ এখন চেক।

image 20
অসম গৌৰৱ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ আনুষ্ঠানিকভাৱে DSP পদ, ৫০ লাখ চেক প্ৰদান... 2

উক্ত অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী অধীক্ষক ভাস্কৰ জ্যোতি মহন্ত, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন মোহন পাটোৱাৰী লগতে অন্যান্য।

লগতে আজিৰ এই অনুষ্ঠানতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে ক্ৰিয়া পেঞ্চনো প্ৰদান কৰে।

৮ গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

খেলুৱৈ কেইগৰাকী হৈছে- অমৃত কান্তা সিংহ, নতুন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনি দেৱী, ৰজনী দেউৰী, মনিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱা।

তাৰোপৰি ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এনচিচি কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে, ৱাৰ্মিংহামত অনুষ্ঠিক হোৱা কমনৱেল্থ গেমছ ২০২২-ত ভাৰতৰ হৈ ল’ন বলত দলীয় ভাৱে স্বৰ্ণ জয় কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়াই।

মহিলা লনৱল দলে ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি দেশৰ হৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।

স্বৰ্ণজয়ী ভাৰতীয় মহিলা দলটোত আছিল লাভলী চৌবে, ৰূপা ৰাণী তিৰ্কী, পিংকী আৰু অসমৰ নয়নমনি শইকীয়া।