বহিঃৰাজ্যত কাম বিচাৰি গৈ সন্ধানহীন দুই বন্ধু, এজনৰ মৃতদেহ উদ্ধাৰ…

১৯ আগষ্ট তাৰিখে অসমৰ কৰিমগঞ্জ জিলাৰ পৰা বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈছিল দুই বন্ধু।

কিন্তু ৰে’লত থকাৰ সময়তে হঠাতে সংযোগ বিচ্ছিন্ন হৈ পৰে পৰিয়ালৰ লোকৰ সৈতে।

১৯ আগষ্টৰ পৰা শুক্ৰবাৰ ২ ছেপ্টেম্বৰলৈ দুয়ো জনৰে সৈতে নাছিল কোনো খবৰ।

লোক দুজন কৰিমগঞ্জৰ বাজাৰিচৰা থানা এলেকাৰ ৰাধাপ্যাৰী গাঁৱৰ নীলু ৰয় (৪৬)আৰু শৈলেন্দ্ৰ কুমাৰ দাস (৪৮)।

১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ পৰা ট্ৰেইন যোগে বাংগালুৰুলৈ বুলি ৰাওনা হৈছিল দুয়ো।

পাছে উৰিষ্যা পোৱাৰ পাছৰে পৰা নাছিল দুয়োৰে কোনো খা-খবৰ। ফোন অফ হৈ আছিল দুয়োগৰাকীৰে।

তেনে সময়তে কালি নিলু ৰয়লৰ ফোনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ চিলাৰা আৰক্ষীৰ পৰা ঘৰলৈ বুলি এটা ফোন আহে।

আৰক্ষীয়ে কয় চিলিৰা ৰে’ল ষ্টেনত নিলু ৰয়ৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই মৃতদেহৰ সৈতেই থকা এই ফোনৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে।

ঘটনাৰ বিষয়ে জানি লগে লগে হুৱাদুৱা লাগি যায় ঘৰখনত। আনহাতে এই খবৰে শৈলেন্দ্ৰ কুমাৰৰো ঘৰত ভয়ে বিৰাজ কৰিছে।

এতিয়া দুয়োটা পৰিয়ালে চৰকাৰলৈ কাতৰে আহ্বান জনাইছে শৈলেন্দ্ৰ কুমাৰ দাসৰ অতি সোনকালে সন্ধান উলিওৱাত সহায় কৰি দিয়ে যেন, লগতে নিলু ৰয়ৰো মৃতদেহ অসমলৈ উভতাই আনি পৰিয়ালক শেষ বাৰৰ বাবে চোৱাত সহায় কৰি দিয়ে যেন।