ৰক্ষকৰ ৰূপত ভক্ষক! ভাৰাতীয়া চােৰেৰে ম’বাইলৰ দোকানত চুৰি কাৰ্য গৃহৰক্ষী জােৱানৰ…

এক চাঞ্চল্যকৰ ঘটনা।

কামৰূপৰ মিৰ্জাত ভাৰাতীয়া চােৰেৰে চুৰি কাৰ্য সংঘটিত কৰিলে এগৰাকী গৃহৰক্ষী জােৱানে।

গ্ৰেপ্তাৰ পলাশবাৰী থানাৰ মাণিক আলী নামৰ গৃহৰক্ষী জােৱান।

চিচিটিভিত বন্দী চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য।

ভাৰাতীয়া চোৰৰ সহায়ত গৃহৰক্ষী জোৱানজনে এখন ইলেক্ট্ৰ’নিক দোকানত সংঘটিত কৰিলে এই দুষ্কাৰ্য।

image 21
ৰক্ষকৰ ৰূপত ভক্ষক! ভাৰাতীয়া চােৰেৰে ম’বাইলৰ দোকানত চুৰি কাৰ্য গৃহৰক্ষী জােৱানৰ... 3

ভাৰাতীয়া চোৰৰ সহায়ত চুৰি কৰি লৈ গ’ল প্ৰায় ১২লাখ টকাৰ ম’বাইল ফোন।

ভাৰাতীয়া চোৰে দোকানৰ ভিতৰত চুৰি কৰি থকা সময়ত বাহিৰত পোহৰা দি আছিল গৃহৰক্ষী জোৱানজন।

চুৰিকাৰ্য সম্পাদন হোৱাৰ পিছতে দোকানৰ সন্মুখত ম’বাইল ভাগ-বটৰা ভাৰাতীয়া চোৰ আৰু গৃহৰক্ষী জোৱানৰ।

image 22
ৰক্ষকৰ ৰূপত ভক্ষক! ভাৰাতীয়া চােৰেৰে ম’বাইলৰ দোকানত চুৰি কাৰ্য গৃহৰক্ষী জােৱানৰ... 4

ঘটনাৰ পিছতে দোকানৰ স্বত্বাধিকাৰী নিৰঞ্জন মহন্তই পলাশবাৰী থানাত ৰুজু কৰে এক গোচৰ।

স্বাত্বাধিকাৰীৰ গোচৰৰ ভিত্তিত গৃহৰক্ষী জোৱান মাণিক আলীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

অৱশ্যে বৰ্তমানেও পলাশবাৰী আক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ভাৰাতীয়া চোৰটোৰ লগতে উদ্ধাৰ কৰিব পৰা নাই চুৰি সামগ্ৰী।