অসমীয়াঅসম

অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি মূল্যায়ন বোৰ্ডৰ ‘এ’ গ্ৰেড

নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় কৃষি মূল্যায়ন বোৰ্ডৰ দ্বাৰা অসম কৃষি বিশ্ববিদ্যালয়ক প্ৰদান কৰা হৈছে বিশেষ সন্মান। কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে বিশ্ববিদ্যালয়খনক ‘এ’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বোৰ্ডে।

যোৱা ১৭ মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বোৰ্ডৰ ৩০ সংখ্যক সভাৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ক ‘এ’ গ্রেড প্ৰদান কৰা হয়। বোৰ্ডৰ ৫ জনীয়া এটা দলে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৯ খন মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে দৃশ্য-শ্ৰাব্য ব্যৱস্থাপনাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ অৱস্থাৰ বুজ লোৱাৰ পিছত ‘এ’ গ্ৰেড প্রদান কৰে।

image 132

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ এই মূল্যায়ন ৩১ মার্চ, ২০২৬লৈকে অৰ্থাৎ অহা ৫ বছৰৰ বাবে প্ৰযোজ্য হ’ব। মূল্যায়নৰ পাছত বিশ্ববিদ্যালয়খনৰ স্ব-শিক্ষণ ব্যৱস্থাৱলী, শিক্ষার্থী-শিক্ষক তথা ডিগ্রী পাঠ্যক্ৰমৰ গতিবিধি নিয়মীয়াকৈ পৰ্যৱেক্ষণ কৰিব ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে।

ইয়াৰোপৰিও স্নাতক-স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্রী সম্পর্কীয় সামর্থ্য তথা ফেকাল্টী কাৰিকৰী আৰু সহযোগী কৰ্মচাৰীৰ স্ব-মূল্যায়িত প্রতিবেদনো নিয়মীয়াকৈ প্ৰস্তুত কৰিব লাগিব বিশ্ববিদ্যালয়খনে।

ইফালে এই খবৰ লাভ কৰি আনন্দিত হৈ পৰিছে বিশ্ববিদ্যালয়খনৰে জড়িত সকলো।

বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই আনন্দ প্ৰকাশ কৰি কয়, ‘এই সন্মান আমাৰ দলগত প্ৰচেষ্টাৰ ফচল। আমাৰ বিশ্ববিদ্যালয় পৰিয়ালে সামূহিকভারে দায়বদ্ধতাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ বাবেই আমি এইবাৰ ‘এ’ গ্ৰেড লাভ কৰিছোঁ। এই গ্ৰেড লাভৰ পাছত আমাৰ বিশ্ববিদ্যালয়ে আর্থিক অনুদান লাভৰ দিশত অধিক সহায়ক হৈ আমাৰ উত্তৰণৰ দিশত ফলপ্ৰসূ হ’ব বুলি আশা কৰিছোঁ।’

Leave a Reply

Your email address will not be published. Required fields are marked *