অসম আৰক্ষীৰ ৬ গৰাকী বীৰ জোৱানলৈ মৰণোত্তৰভাৱে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক…

আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস।

ক’ভিড প্ৰট’কল মানি অসমতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস।

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ ৬ গৰাকী বীৰ জোৱানলৈ মৰণোত্তৰভাৱে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক আগবঢ়োৱা হ’ব।

আনহাতে ৫গৰাকী আৰক্ষী বিষয়া-কৰ্মীলৈ মুখ্যমন্ত্রীৰ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হ’ব।

শেহতীয়াভাৱে মিজোৰাম সীমান্তত প্রাণ হেৰুওৱা ৬গৰাকী শ্বহীদলৈ সংকটকালীন পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক (মৰণোত্তৰ) প্রদানৰ কথা ঘোষণা কৰা হৈছে৷

image 2021 08 15 095654
অসম আৰক্ষীৰ ৬ গৰাকী বীৰ জোৱানলৈ মৰণোত্তৰভাৱে মুখ্যমন্ত্রীৰ বিশেষ সেৱা পদক... 2

তেওঁলোক হৈছে- ২১নং অসম পুলিচ (আই আৰ) বেটেলিয়নৰ উপ–পৰিদর্শক স্বপন কুমাৰ ৰয়, ৬নং অসম পুলিচ বেটেলিয়নৰ হাবিলদাৰ শ্যামসুন্দৰ দুসাধ, ২১নং অসম পুলিচ (আই আৰ) বেটেলিয়নৰ কনিষ্টবল ছামচুজ জামান বৰভূঞা, কাছাৰ জিলা আৰক্ষী বাহিনীৰ কনিষ্টবল লিটন শুক্লবৈদ্য, কাছাৰ জিলা আৰক্ষী বাহিনীৰ কনিষ্টবল মজৰুল হক বৰভূঞা আৰু ৬নং অসম পুলিচ বেটেলিয়নৰ কনিষ্টবল নজৰুল হুছেইন৷

আনহাতে কর্মক্ষেত্রত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে মুখ্যমন্ত্রীৰ উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীৰ বিষয়া–কৰ্মীসকল হৈছে– ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্রকান্ত, গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কার্যালয়ৰ পৰিদর্শক মুকুল কাকতি, বিশ্বনাথ জিলা আৰক্ষীৰ পৰিদর্শক সত্যেন সিং হাজাৰী, কার্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰূপে কর্মৰত উপ–পৰিদর্শক মৌবলিক ব্রহ্ম আৰু কার্বি আংলং আৰক্ষীৰ কনিষ্টবল বৰছিং বে’৷

Leave a Comment