অসম

স্বাধীনতা দিৱসত জাতীয় পতাকাৰ সলনি উৰিল বিজেপিৰ দলীয় পতাকা…

আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস।

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হৈছে স্বাধীনতা দিৱস।

এই বিশেষ দিনটোতে নাৰায়ণপুৰৰ ধলপুৰত সংঘটিত হয় এক অবাঞ্চিত ঘটনা।

ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱাই উত্তোলন কৰিলে বিজেপিৰ দলীয় পতাকা।

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জাতীয় পতাকাৰ বিপৰীতে উত্তোলন কৰা হয় বিজেপিৰ পতাকা।

independence 1

জানিব পৰা মতে, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাৰ উদ্যোগত গ্ৰাম্য মণ্ডল যুৱ মৰ্চা আৰু অসম আৰক্ষী নিযুক্তি প্ৰস্তুতি শিবিৰৰ সহযোগত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীতেই এই ঘটনা সংঘটিত হয়।

ইয়াৰ পাছতেই স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

স্থানীয় একাংশ সচেতন লোকে এই কাণ্ডৰ বাবে বিজেপি কৰ্মীসকলক জবাবদিহি কৰাৰ লগতে পতাকা নমাবলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *