অসম

মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাতঃ আছু কৰ্মীয়ে ছাত্ৰাবাসৰ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ…

যোৰহাটৰ জে বি কলেজত নিৰ্বাচনী হিংসা।

আছু কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

আছু কৰ্মীয়ে ছাত্ৰাবাসৰ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ।

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেষ নিশা মহাবিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

প্ৰায় এশজনীয়া আছু কৰ্মীৰ সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ কেইবাগৰাকীও ছাত্ৰ।

নিশা ৩ মান বজাত আছু সদস্যই পোষ্টাৰিং কৰিবলৈ অহা ছাত্ৰক ৰড, বেট, জাঠি লৈ পহাৰৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থীৰ ছাত্ৰৰ।

এই ঘটনাত কেইবাজনো ছাত্ৰ আৰু ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *