অসমঅসমীয়া

অসম আৰক্ষীৰ প্ৰাক্তন ডিজিপি মদনৰাম চৌধুৰীৰ বিয়োগ

নিউজ ডেস্ক। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান মদনৰাম চৌধুৰীৰ দেহাৱসান।

ভাৰতীয় আৰক্ষী সেৱাৰ (IPS) অৱসৰপ্ৰাপ্ত বিষয়াজনে শনিবাৰে দিনৰ প্রায় ৩.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।

FSK704uaAAAS8vy

উল্লেখযোগ্য যে ১৯৩০ চনত জন্মগ্রহণ কৰা চৌধুৰীয়ে ১৯৬০ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল।

চাকৰি কালত তেওঁ তাহানিৰ অবিভক্ত শিৱসাগৰ, লখিমপুৰ, কাছাৰ আৰু নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপেও কার্যনিৰ্বাহ কৰিছিল।

তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পদৰ পৰা ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰে।

অসম আৰক্ষীৰ ডিজিপি ভাস্কৰজ্যােতি মহন্তই টুইট কৰি প্ৰয়াত মদন ৰাম চৌধুৰীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *