অসম

বাঘৰ লগত ছেলফি উঠিবলৈ গৈ অঘটন! মৃত্যুৰ সৈতে ক্ষণ গণিছে এজনে…

বাঘৰ লগত ছেলফি উঠিবলৈ গৈ অঘটন।

নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক।

ডিব্ৰুগড়ৰ চাবুৱাৰ খাৰজান চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, চাবুৱা বাইপাছৰ এটা কালভাৰ্টৰ ভিতৰত দুটা পোৱালীসহ এটা ডাঙৰ মতা নাহৰফুটুকী বাঘে অৱস্থান কৰি আছিল।

বাঘটো লুকুৱাই থকাৰ কথা জানি একাংশ লোকে কালভাৰ্টৰ ওচৰলৈ গৈ ফটো তোলাৰ চেষ্টা চলায়।

তেনে সময়তে এজন ব্যক্তিৰ ওপৰত জঁপিয়াই পৰে বাঘটো।

সংকটজনক অৱস্থাত লগে লগে লোকজনক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।

বাঘৰ আক্ৰমণত আহত হোৱা লোকজন ঢকুৱাখানাৰ এজন দৈনিক মজুৰী শ্ৰমিক বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

ইয়াৰ পাছেত বন বিভাগে নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *