অসমঅসমীয়া

যদি নিচা কৰিব লাগে, তেন্তে পজিটিভ বস্তুৰ নিচা কৰকঃ IPS আনন্দ মিশ্ৰ

নিউজ ডেস্কঃ যদি নিচা কৰিব লাগে, তেন্তে পজিটিভ বস্তুৰ নিচা কৰক।

– এই আহ্বান আইপিএছ আনন্দ মিশ্ৰৰ। ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ পৰা যুৱ প্ৰজন্মক আঁতৰি থাকিবলৈ আহ্বান জনাই আৰক্ষী বিষয়া গৰাকীয়ে কয় জীৱনৰ আনন্দ পজিটিভ বস্তুত আছে। যদি হুচেই নাথাকে, তেন্তে কি মজা কৰা হয়?

আইপিএছ আনন্দ মিশ্ৰই কয় যে প্ৰকৃত জীৱনৰ আনন্দ ড্ৰাগছত নাই। যদি স্ফূৰ্তি কৰিবই বিচাৰে, তেন্তে খেল খেলক, বাইক চলাওক, চিনেমা চাওক, গান গাঁওক, ছবি আঁকক।

একো কৰিবলৈ নাথাকিলে টিকটকৰ ভিডিঅ’ই বনাওক। কিন্তু ড্ৰাগছ বা মদে মৃত্যুৰ ফালেহে ঠেলি নিয়ে। এয়া কেনে আনন্দ? স্ফূৰ্তি কৰিবলৈ হ’লে সংজ্ঞান হৈ থাকিব লাগিব। যদি অচেতন হৈয়ে পৰি থাকে, তেন্তে কিহৰ স্ফূৰ্তি। আপুনিতো জীৱ-জন্তুৰ দৰেই পৰি আছে।

p1 2

এটাই জীৱন, শ্ৰেষ্ঠ জীৱন গঢ়িব লাগে বুলি মন্তব্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আমি আমাৰ জীৱনটোক সন্মান কৰিব লাগে।

মা-দেউতাৰ মৰম-আশীৰ্বাদ যি আমাৰ লগত আছে, তাৰ সন্মান কৰিব লাগে। যিয়ে ইয়াৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকক সোধক জীৱনটো আচলতে কেনেদৰে অতিবাহিত হৈ আছে তেওঁলোকৰ!

image 2022 05 03 12 16 09

নিজে কেতিয়াও সুৰাৰ গোন্ধো লৈ পোৱা নাই বুলি কৈ আনন্দ মিশ্ৰই কয় যে তেওঁৰ দৰে জীৱন উদযাপন যদি কৰি আছে, তেন্তে সেয়া ভাল কথা।

বহুতে কয় যে এবাৰ জীৱনত নিচা কৰি চাব লাগে। কিন্তু তেওঁলোক আচল বন্ধু নহয়। যদি এবাৰেই কৰি চাব লাগে, তেন্তে এবাৰ ট্ৰেইনৰ সন্মুখতো থিয় হৈ চাওক। স্বাস্থ্যই পৰম ধৰ্ম বুলিও মন্তব্য কৰে আনন্দ মিশ্ৰই।

উল্লেখ্য যে, আইপিএছ আনন্দ মিশ্ৰই নিজৰ আজৰি সময়খিনি প্ৰায়ে উদযাপন কৰি অহাৰ ফটো, ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হৈ আহিছে।

কেতিয়াবা যদি তেওঁ বাইক চলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে, কেতিয়াবা আকৌ হাতত গীটাৰখন লৈ তেওঁ গুণগুণাই আহিছে প্ৰিয় গীত।

অসমৰ অন্যতম জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীয়ে জীৱনটো প্ৰকৃতাৰ্থত জীয়াবলৈ প্ৰায়ে নৱ প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *