চাঞ্চল্যকৰ! পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল কয়দী, আৰক্ষীৰ মাজত হাহাকাৰ…

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল কয়দী।

বিলাসীপাৰা মহকুমা আদালতৰ পৰা কয়দীৰ পলায়ন।

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আদালত চৌহদৰ পৰা এজন কয়দীয়ে হেণ্ডকাফ খুলি পলায়ন কৰে।

জানিব পৰামতে ড্ৰাগছৰ গোচৰত চাপৰ থানাত অভিযুক্ত হৈ থকা ছাজিদ আলী নামৰ কয়দীটোক শুক্ৰবাৰে আদালতলৈ লৈ অহা হৈছিল।

কিন্তু কয়দীটোৱে আদালতৰ প্ৰথম মহলাত হেণ্ডকাফ খুলি জঁপিয়াই পলায়ন কৰে।

কয়দীটোৱে পলায়ন কৰাৰ পিচত বিলাসীপাৰা আৰক্ষীৰ মাজত হাহাকাৰ লাগিছে।

কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰা কয়দীটোৱে কিদৰে পলায়ন কৰিবলৈ সক্ষম হ’ল সেই লৈও উত্থাপিত হৈছে প্ৰশ্নৰ।

বিলাসীপাৰা আৰক্ষীয়ে কয়দীটোৰ সন্ধানত সমগ্ৰ বিলাসীপাৰাত অভিযান আৰম্ভ কৰিছে যদিও এই পর্যন্ত কয়দীটোক আটক কৰিব পৰা নাই।