অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী মেক্সিম’ বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী মেক্সিম’ বাহন।

জামুগুৰিহাটৰ কুসুমটোলাৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

এখন যাত্ৰীবাহী মেক্সিম’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ কাষৰ এটি দ খাৱৈত।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনৰ ভিতৰত থকা যাত্ৰীসকল।

এএছ ১২ বিচি ৪৪৬৯ নম্বৰৰ মেক্সিম’ বাহনখন জামুগুৰিহাটৰ পৰা চতীয়া অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

বাহনখনৰ যাত্ৰীসকলৰ পৰা জানিব পৰামতে বাহনখনৰ তীব্ৰ গতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *