অসম-অৰুণাচল সীমান্তত গুলীয়াগুলী, অসমৰ বন বিষয়ালৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা…

অসম-অৰুণাচল সীমান্তৰ ৰামপুৰত গুলীয়াগুলীৰ ঘটনা।

ৰামপুৰত অসমৰ বন বিষয়ালৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা।

কথমপি প্ৰাণ ৰক্ষা ৰামপুৰ বীটৰ বীট অফিচাৰ বনমালী নৰহৰ।

ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গছ কটা কাৰ্য্যক বাধা দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।

ইতিমধ্যে ঘটনাস্থলীলৈ লখিমপুৰ বন বিভাগৰ লোক আৰু অসম আৰক্ষী ৰাওনা হৈছে।

শনিবাৰেও ৰঙা সংৰক্ষিত বনাঞ্চলৰ ধেমাগড়তো অনুৰূপ ঘটনা সংঘটিত হৈছিল।

তাৰ পাছতো জিলা প্ৰশাসনে সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

যাৰ ফলত সীমান্তত বাস কৰা অসমীয়া লোক বৰ্তমানে চিন্তিত হৈ পৰিছে।

Leave a Comment