মহানগৰীত পুনৰ ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যাৰ সন্দেহ এজন লোকক…

মহানগৰীত পুনৰ সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড।

বিগত ৪ টা দিন ধৰি সন্ধানহীন হৈ থকা ব্যক্তিৰ নিজ গৃহতেই মৃতদেহ উদ্ধাৰ।

মহানগৰীৰ হাতীগাঁও লখিমী নগৰত সংঘটিত হৈছে এই ৰহস্যজনক হত্যাকাণ্ড।

মৃত লোকগৰাকীৰ নাম মিলন ছেত্ৰী।

বহুবছৰ ধৰি ম: আতাউৰ ৰহমানৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল মিলন ছেত্ৰী।

বিগত ১৮ নৱেম্বৰ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল লোকগৰাকী।

মৃত লোকগৰাকীৰ বয়স আনুমানিক ৫৫ বছৰ মান হব বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

পেছাত মিলন ছেত্ৰীয়ে ৰঙৰ মিস্ত্ৰী কাম কৰা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, প্ৰায়ে পাৰিবাৰিক সংঘাতত লিপ্ত হৈছিল মিলন ছেত্ৰী।

পৰিয়ালৰ লোক বুলিবলৈ দুটা ল’ৰা সন্তান, এটি কন্যা সন্তান আৰু এগৰাকী বুঢ়ী মাক, যি গৰাকী শাহুৱেক বুলি জানিব পৰা গৈছে।

সোমবাৰে সন্ধিয়া ঘৰ তলা বন্ধ অৱস্থাত আছিল যদিও স্থানীয় লোকে খিৰিকীৰে প্ৰত্যক্ষ কৰে মিলনৰ মৃতদেহ।

মৃতদেহৰ পেটত আঘাতৰ চিন স্পষ্টৰূপত দেখা পোৱা গৈছে। কোঠাৰ ভিতৰত পোৱা গৈছে তেজৰ চেকুৰা।

সেই অনুসৰি মিলন ছেত্ৰীক হানি খুচি হত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

৫ দিন পূৰ্বে এই হত্যাৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন ডেগাৰ। 

এতিয়া আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব এয়া হত্যা কাণ্ড নে আকস্মিক মৃত্যু নে কি?

Leave a Comment