বান সাহাৰ্য্যৰ নামত ধন দাবী কৰিছে নেকি? প্ৰশাসনক খবৰ দিয়ক এইটো নম্বৰত…

বান সাহাৰ্য্যৰ নামত ধন দাবী কৰিছে নেকি?

ধনৰ বিনিময়ত বান সাহায্য প্ৰদানৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ প্ৰশাসন৷

কামপুৰ চক্ৰ বিষয়াই চৰকাৰী বান সাহাৰ্যৰ নামত ধন দাবী কৰিলেই চক্ৰ বিষয়াক খবৰ দিবলৈ অনুৰোধ জনাইছে৷

চক্ৰ বিষয়াই স্পষ্ট কৰি দিছে যে, বান পীড়িতলৈ আগবঢ়োৱা সাহাৰ্যৰ পৰিবহন ব্যয় চৰকাৰে বহন কৰিব৷

সম্পূৰ্ণ চৰকাৰী খৰচত সাহাৰ্য বিতৰন কৰা হৈছে আৰু সাহাৰ্যৰ পৰিবহনো বিনামূলীয়া৷ এই ক্ষেত্ৰত চৰকাৰী বা বেচৰকাৰী লোকে পৰিবহনৰ নামত ধন দাবী কৰিলে কামপুৰৰ চক্ৰ বিষয়াক অবগত কৰিবলৈ আহ্বান জনাইছে।

দুৰ্যোগ ব্যৱস্হাপনাৰ ট’ল ফ্ৰি নম্বৰ ১০৭৭ নম্বৰত সাহাৰ্যৰ নামত কোনোয়ে ধন দাবী কৰিলে অভিযোগ দাখিল কৰিবলৈকো আহ্বান জনাইছে ৷

ইয়াৰ বাহিৰেও ০৩৬৭২-২৩৬৮২৭ নম্বৰটো অভিযোগ দাখিল কৰিব পাৰিব বুলি কামপুৰৰ চক্ৰ বিষয়াই জনাইছে ৷