অসমৰ মানুহে স্বাধীনতা নালাগে বুলি পৰেশ বৰুৱাক বিশ্বাস দিয়াব পাৰিলে আলফা সমস্যাৰ সমাধান সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী…

নিউজ ডেস্কঃ আলফা সমস্যা সমাধানক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

নতুন বছৰৰ পহিলা দিনটোতে আলফা স্বাধীনৰ প্ৰসংগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।

আলফা আৰু চৰকাৰৰ মাজৰ সমস্যাৰ সমাধান কাহানিও মীমাংসিত নোহোৱা এটা বিষয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

তেওঁ কয় যে, সৌহাৰ্দ্য হ’ব পাৰে, আলাপ-আলোচনা হ’ব পাৰে কিন্তু সমাধান এটা কেতিয়াও মীমাংসিত হ’ব নোৱাৰা বিষয়।

সমস্যা সমাধান কৰিবলৈ হ’লে এটা পক্ষ পিছুৱাই আহিব লাগিব, যিটো কোনো পক্ষৰ বাব সম্ভৱ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

তেওঁ কয়, ‘মই পিছুৱাই আহিব নোৱাৰো, কাৰণ মুখ্যমন্ত্ৰীৰূপে ভাৰতৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ শপত লৈছো। পৰেশ বৰুৱাও পিছুৱাব নিবিচাৰিব। কাৰণ তেওঁৰ বাবে ১০ হাজাৰ লোকে বলিদান দিছে।’

এই ক্ষেত্ৰত অসমৰ ৰাইজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয় যে যদি অসমৰ ৰাইজে পৰেশ বৰুৱাক বিশ্বাস দিয়াব পাৰে যে স্বাধীনতাৰ দাবীটো তেওঁ এৰিলেও অসমৰ মানুহে তেওক বিশ্বাসঘাতক বুলি নকয়, তেতিয়া হয়তো পৰেশ বৰুৱাৰ মন সলনি হ’ব পাৰে।

অসম মানুহে স্বাধীনতা নিবিচাৰো বুলি ক’লে সমস্যাৰ সমাধান সম্ভৱ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

এই ক্ষেত্ৰত দল-সংগঠন আৰু বুদ্ধিজীৱী সকলে আগভাগ ল’ব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।