অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত এইবাৰ চনু সুদ, আজি এই ৩ খন জিলাত বিতৰণ কৰিব সাহায্য

নিউজ ডেস্কঃ জনতাৰ দুৰ্দশাৰ সময়ত চনু সুদ কাষত থিয় নহ’ব… সেয়া যেন হ’বই নোৱাৰে। কোভিড কালৰে পৰা দেশৰ লাখ লাখ জনতাৰ সুখ-দুখৰ সমভাগী হৈ প্ৰকৃত নায়কৰ আখ্যা লাভ কৰা অভিনেতা চনু সুদ এইবাৰ আগবাঢ়ি আহিছে অসমৰ বন্যাৰ্তৰ সহায়ৰ বাবে।

চনু সুদৰ দ্বাৰা পৰিচালিত সুদ চেৰিটী ফাউণ্ডেশ্যনে সোমবাৰে অসমৰ তিনিখন বানাক্ৰান্ত জিলাত বিতৰণ কৰিব সাহায্য। টুইটাৰত এই কথা প্ৰকাশ কৰিছে খোদ অভিনেতা চনু সুদে।

image 245
অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত এইবাৰ চনু সুদ, আজি এই ৩ খন জিলাত বিতৰণ কৰিব সাহায্য 2

বিন বিধ্বস্ত হোজাই, দৰং আৰু মৰিগাঁও জিলাত চনু সুদৰ ফাউণ্ডেশ্যনে প্ৰদান কৰিব সাহায্য। এই সন্দৰ্ভত এটা জৰুৰী হেল্পলাইন নম্বৰো প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। হেল্পলাইন নম্বৰটো হৈছে- ৯১০২২ ৯১৩৩৩।

উল্লেখ্য যে, এতিয়াও বানে বিধ্বংসী ৰূপ ধাৰণ কৰি আছে কেইবাখনো জিলাত। বানৰ কবলত পৰি গৃহহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল। ৰাজ্যৰ ৫৫ লাখৰো অধিক লোকে বৰ্তমান আশ্ৰয় লৈ আছে ৯০০ পৃথক পৃথক শিৱিৰত। আনহাতে এতিয়ালৈকে বানে ১১৮ জনৰো অধিক লোকৰ প্ৰাণ কাঢ়িছে ৰাজ্যখনত।

বানৰ এনে সংহাৰী প্ৰলয়ৰ সময়ত বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে। বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ, পৰিচালক ৰোহিত চেট্টী আদিয়েও বন্যাৰ্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।