অদৃশ্য শক্তিয়ে সহায় কৰিছে ৰিপুণ বৰাক, বিজেপিৰ ৩ বিধায়কৰ ভোট বাতিল হোৱাৰ দাবী ভূপেন বৰাৰ…

আজি অব্যাহত আছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমৰ এখন আসনত বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত যদিও আনখন আসনৰ বাবে তুমুল যুঁজ চলিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত।

উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘাতে দেখা দিছিল কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত। আনহাতে নিৰ্বাচনৰ আগনিশা এআইইউডিএফৰ নৈশ ভোজত অংশ লোৱা দেখা গ’ল ৰিপুণ বৰাক। এআইইউডিএফৰ বিধায়কসকলৰ সৈতে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰি ৰাজ্যসভা নিৰ্বাচনত তেওৰ পক্ষত ভোট দিবলৈ আহ্বান জনায় ৰিপুণ বৰাই।

ইফালে আজি ভোটগ্ৰহণ চলি থকাৰ সময়তে বিস্ফোৰক দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। বিজেপিৰ ৩ বিধায়কৰ ভোট বাতিল হোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰে ভূপেন বৰাই।

তেওঁ কয় যে ৰিপুণ বৰাক অদৃশ্য শক্তিয়ে সহায় কৰিছে। যাৰ বাবে বিজেপিৰ ৩ বিধায়কৰ ভোট বাতিল হৈছে।

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি দাবী কৰি আহিছে শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে। আনকি শশীকান্ত দাসকে ধৰি কেইবাজনো কংগ্ৰেছ বিধায়ক ভোট বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলিও দাবী কৰি আহিছে। তাৰ মাজতে ভূপেন বৰাৰ বিস্ফোৰক দাবীয়ে তাৎপৰ্য বহন কৰিছে।

Leave a Comment