অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত থিতাতে নিহত বন সুৰক্ষা বাহিনীৰ দুজন জোৱান…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে ট্ৰাকৰ খুন্দাত থিতাতে নিহত বন সুৰক্ষা বাহিনী দুগৰাকী জোৱান।

কলিয়াবৰৰ আমগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

চিকনি স্থিত ২য় অসম বন সুৰক্ষা বাহিনীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত এখন কণ্টেইনাৰ ট্ৰাকে খুন্দিয়াওৱাৰ ফলতে দুই জোৱান নিহত হয়।

ইতিমধ‍্যে ট্ৰাকখন আৰু চালকক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

নিহত জোৱান দুগৰাকী ক্ৰমে মধু চন্দ্ৰ ডেকা আৰু ৰূপজ‍্যোতি বৰা বুলি জানিব পৰা গৈছে‌।

মৃত জোৱান কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত আছিল।

দুৰ্ঘটনাগ্ৰস্থ মটৰ চাইকেল খনৰ পঞ্জীয়ন নং এ এছ ০১ আৰ ৪৬৮৯।

Leave a Reply

Your email address will not be published. Required fields are marked *