অসম

অসমত বৃদ্ধি পাব নেকি সান্ধ্য আইনৰ সময়সীমা? শীঘ্ৰেই সিদ্ধান্ত ল’ব চৰকাৰে…

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

যাৰ পৰিপেক্ষিতত অসমত পুনৰ বৃদ্ধি পাব নেকি সান্ধ্য আইনৰ সময়সীমা?

মঙলবাৰে এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰীকেশৱ মহন্তই।

মন্ত্ৰীগৰাকীয়ে কয়- ক’ভিড সংক্ৰমণৰ হাৰ নকমিলে চৰকাৰে অহা ৩/৪দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত লব চৰকাৰে।

উল্লেখ্য যে, দুৰ্গা পূজাৰ পাছতে ৰাজ্যত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

সপ্তমী, অষ্টমীত অসমত কৰ’নাৰ পজিটিভিটী হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *