প্ৰাপ্তিৰ আনন্দেৰে অসমীয়াক উপচাই দি আহি পালে লাভলীনা বৰগোহাঁই…

গাঁৱলীয়া বাটেৰে, লুইতৰ পাৰেৰে গৈ বিশ্বৰ বুকুত অসমীয়াক নতুন সূৰ্যোদয়ৰ উত্তাপ দি আহি পালে লাভলীনা।

দিল্লীৰ পৰা উৰা মাৰি আহি ওপজা মাটি স্পৰ্শ কৰিলে লাভলীনাই।

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই মাতৃভূমিত উপস্থিত হ’ল বজ্ৰকন্যা লাভলীনা।

ঘৰৰ পৰা এবছৰ ধৰি আঁতৰি থকা লাভলীনা আহি পালে আপোন মানুখিনিৰ মাজলৈ।

নগৰ-চহৰ সকলো এতিয়া লাভলীনাময়।

বিমান বন্দৰত লাভলীনাক উষ্ম আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গামোচা, ফুলৰ থোপা, জাপিৰে লাভলীনাক আদৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বৰঝাৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।

বিহু হুচৰিৰে আদৰণি জনোৱা হয় লাভলীনাক।

বিমান বন্দৰত আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই।

তেওঁৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰাৰ বাবে সকলো অসমবাসীক ধন্যবাদ জনালে লাভলীনাই।

মাতৃভূমিত উপস্থিত হৈ লাভলীনাৰ মন্তব্য- ‘অসমবাসীক ধন্যবাদ, আগন্তুক দিনত স্বৰ্ণ জয় হ’ব মোৰ লক্ষ্য।’

ক্ৰীড়া মন্ত্ৰী বিমল বৰাই জনাইছে আদৰণি।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যইয়ো জনাইছে আদৰণি।

লাভলীনাৰ সতীৰ্থ বহু কেইগৰাকী বক্সাৰেও লাভলীনাক জনাইছে আদৰণি।

আন্তঃৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়ো, ফাইলাও বসুমতাৰীয়ে লাভলীনাক জনাইছে আদৰণি।

প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীয়েও লাভলানীক গামোচাৰে জনালে আদৰণি।

টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত ভৰি দিলে লাভলীনাই।

দিল্লীৰ পৰা পিতৃ টিকেন বৰগোহাঁইৰ সৈতে মাতৃভূমিত উপস্থিত হয় লাভলীনা।

বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত ভাগ ল’ব লাভলীনাই।

ইয়াৰ পাছত লাভলীনা যাব ৰাজভৱনলৈ।

ৰাজ্যপালে লাভলীনাক জনাব বিশেষ সম্বৰ্ধনা।

নিশাৰ ভাগত হোটেল ৰেডিচন ব্লুত অসম বক্সিং সন্থাই আয়োজন কৰা নৈশ ভোজত ভাগ ল’ব লাভলীনাই।

Leave a Comment