ত্ৰিপুৰা

অসমত প্ৰৱেশৰ চেষ্টা! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ১০ গৰাকী বাংলাদেশী নাগৰিক…

দুটা পৃথকে পৃথকে চলোৱা অবিযানত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ১০ বাংলাদেশী নাগৰিক।

অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাই আৰক্ষীয়ে মুঠ ১০ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

প্ৰথমতে, ত্ৰিপুৰা আৰক্ষীয়ে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত চাৰিজন সন্দেহজনক লোকক আটক কৰিছিল,

যি আগৰতলাৰ পৰা পঞ্জীয়ন নম্বৰ এ এছ ০১ এলচি-৮৯১৯ থকা শ্বেৰাৱালী ট্ৰেভেলছৰ এখন বাছত উঠিছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, ইয়াৰে চাৰিজন ব্যক্তি বাংলাদেশত শেহতীয়াকৈ এটা হিন্দু মন্দিৰ ভাঙি লণ্ড ভণ্ড কৰাৰ ঘটনাৰ সৈতে জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

বন্দী চাৰিজন হ’ল- ৰাকেশ শ্বেখ, আছাদুল শ্বেখ, ছানা উল্লাহ আৰু কচুয়াৰ হুছেইন।

আটাই কেইঝন পশ্চিম-মধ্য বাংলাদেশৰ ৰাজশাহী চহৰৰ বাসিন্দা।

ইফালে আন এটা অভিযানত ত্ৰিপুৰাৰ ধৰ্মনগৰৰ উত্তৰ জিলাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰি থকা অৱস্থাত অসম-ত্ৰিপুৰা সীমান্তৰ একেখন চুৰাইবাৰী আৰক্ষীয়ে ছয়জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে।

আটক কৰা সকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু দুজন পুৰুষ।

তেওঁলোক হৈছে ফাতেমা আখটাৰ, আলিয়া বেগম, চেফাৰা বেগম, নাজমা বেগম, চোহেল গাফকাৰ আৰু আব্দুল গাফকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *