অসমীয়াঅসম

অসমত এতিয়া বিজেপিয়ে ক্ৰয় কৰা কংগ্ৰেছৰ নেতা-বিধায়কৰ চৰকাৰ চলিছেঃ মহুৱা মৈত্ৰা

নিউজ ডেস্কঃ অসমত এতিয়া কাৰ চৰকাৰ? অসমত এতিয়া বিজেপিৰ চৰকাৰ নহয়, কংগ্ৰেছৰ পৰা যোৱা নেতাৰ চৰকাৰ চলিছে অসমত। – এই মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ।

গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ যোগদান সমাৰোহত উপস্থিত থাকি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহুৱা মৈত্ৰা। কংগ্ৰেছৰ পৰা দল সলনি কৰা নেতাই চলোৱা চৰকাৰখনক একপ্ৰকাৰ কংগ্ৰেছৰে চৰকাৰ বুলি অভিহিত কৰি অসমত বিৰোধীৰ স্থিতিক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে তৃণমূলৰ সাংসদ গৰাকীয়ে।

নিজকে অসমীয়া ছোৱালী মন্তব্য কৰে মহুৱা মৈত্ৰাই কয় যে তেওঁৰ জন্ম অসমত হৈছে। ঢেকীয়াজুলিত তেওঁ শৈশৱ পাৰ কৰিছে। সেয়ে পশ্চিমবংগৰ পিছত কোনো ঠাইৰ প্ৰতি যদি আন্তৰিকতা আছে, তেন্তে সেয়া হৈছে অসম।

কংগ্ৰেছে নিজৰ বিধায়কৰ ওপৰতে নিয়ন্ত্ৰণ ৰাখিব পৰা নাই বুলি মন্তব্য কৰি মহুৱা মৈত্ৰাই কয় যে দেশত আজি তৃৃণমূল কংগ্ৰেছে বিৰোধীৰ যি ভূমিকা লৈছে, সেয়া আন কোনো দলেই লোৱা নাই।

বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি তৃণমূল নেত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে আজি দেশত যি কাৰ্য কৰি আছে, সেয়া গণতন্ত্ৰ মুঠেও নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে মহুৱা মৈত্ৰাই।

আনহাতে মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তৃণমূলৰ সাংসদ গৰাকীয়ে কয় যে যদি প্ৰধানমন্ত্ৰীয়েই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে কোনে কৰিব? হনুমান চালিচা পাঠক লৈ বিতৰ্ক কৰা সকলে মূল্যবৃদ্ধিক লৈ মাত নামাতে বুলিও মন্তব্য কৰে মহুৱা মৈত্ৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *