ৰাষ্ট্ৰীয়অসমীয়া

অমিত শ্বাহৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ এ আৰ ৰহমান, শ্বেয়াৰ কৰিলে তামিল দেৱীৰ ফটো

নিউজ ডেস্ক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰী কামৰ বাবে ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু যোগাযোগৰ মাধ্যম হিচাপে হিন্দী ভাষা প্ৰয়োগৰ সপক্ষত প্ৰদৰ্শন কৰা যুক্তিৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিশিষ্ট ব্যক্তিলৈকে বহু সংখ্যক লোকে অমিত শ্বাহৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।

ভাৰতৰ দৰে বহুভাষিক এখন দেশত এটা নিৰ্দিষ্ট ভাষা জোৰ কৰি জাপি দিব বিচৰা চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে অস্কাৰজয়ী সংগীতশিল্পী এ আৰ ৰহমানেও।

একে সুৰতে ইয়াৰ বিৰোধিতা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আৰু তৃণমূলৰ সাংসদ সৌগত ৰয়েও।

তামিল তেওঁলোকৰ অধিকাৰ বুলি দাবী কৰি ৰহমানে ‘তামিল দেৱী’ বা ‘থামিঝাংগু’ৰ এখন ফটো শ্বেয়াৰ কৰিছে।

ছবিখনৰ লগতে তেওঁ বিংশ শতিকাৰ আধুনিক তামিল কবি ভাৰতীদাসনৰ তামিল কবিতা ‘থামিলিয়াক্কাম’ গ্ৰন্থৰ এটা শাৰীও উদ্ধৃত কৰিছে। য’ত লিখা আছে “মৰমৰ তামিল হৈছে আমাৰ অস্তিত্বৰ মূল।’’

সংগীতকাৰ এ আৰ ৰহমানে টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুকৰ দৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই ফটোখন শ্বেয়াৰ কৰা দেখা যায়।

উল্লেখ্য যে, ২০১৯ চনত সকলো ৰাজ্যতে “তিনিটা ভাষাশিক্ষা বাধ্যতামূলক” কৰাৰ পৰিকল্পনাৰ সময়তো প্ৰতিবাদ কৰিছিল এ আৰ ৰহমানে। সেই সময়ত তেওঁৰ প্ৰতিবাদে শক্তিশালী সমৰ্থন লাভ কৰিছিল।

p4 3

ইফালে, তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক দেশৰ বহুত্ববাদী চৰিত্ৰ ধ্বংস কৰিবলৈ ধাৰাবাহিকভাৱে চেষ্টা কৰাৰ বাবে সমালোচনা কৰে।

তেওঁ কয় যে চৰকাৰে দেশৰ ঐক্য ধ্বংস কৰিব বিচাৰিছে। অমিত শ্বাহে বাৰে বাৰে একেটা ভুল কৰি আহিছে। কিন্তু তেওঁৰ ৰণনীতি সফল নহ’ব।

তামিলনাডুৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “অমিত শ্বাহে ভাৱে নেকি যে ‘হিন্দী ৰাজ্য’ থকাটোৱেই যথেষ্ট? আপোনাক এখন ভাৰতীয় ৰাজ্যৰ প্ৰয়োজন নাই নেকি? সকলোৰে বাবে এটা ভাষা থাকিলেহে একতাৰ নিশ্চয়তা দিয়া নহয়। আনকি সম্প্ৰীতি থাকিলেও, একতা নাহে। আপুনি একেটা ভুল পুনৰাবৃত্তি কৰি আছে। কিন্তু আপুনি তাত সফল নহ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *