অভাৰটেকৰ সময়ত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ! নিহত ৭ জন, আহত ২৬

নিউজ ডেস্কঃ সোমবাৰে নিশা কৰ্ণাটকত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হয় আন ২৬ জন লোক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা কৰ্ণাটকৰ হুবলী চহৰৰ উপকণ্ঠ অঞ্চলত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা।

image 4
অভাৰটেকৰ সময়ত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ! নিহত ৭ জন, আহত ২৬ 4

বাতৰি অনুসৰি, কলহাপুৰৰ পৰা বাংগালুৰু অভিমুখে এখন যাত্ৰীবাহী বাছ গৈ থকা সময়তে নিশা প্ৰায় ১ বজাত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

Major Road Accident In Karnataka 7 Killed 26 Injured In Collision Between  Bus And Lorry In Hubballi

দুৰ্ঘটনাটোত বাছ আৰু ট্ৰাকৰ দুয়োজন চালকসহ ৭ জন লোকৰ মৃত্যু ঘটাৰ লগতে বাছখনত থকা ২৬ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

বাছখনে এখন ট্ৰেক্টৰ অভাৰটেক কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

7 killed in road accident in Karnataka Hubli | Karnataka Road Accident:  टेकओवर के दौरान लॉरी से टकराई बस, 7 लोगों की मौत; 26 घायल | Hindi News, देश

ইফালে নিশাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হুবলীৰ কিমছ হাস্পতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Comment