অবৈধভাৱে খননৰ সময়তে পাহাৰ খহি যুৱকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে সেউজীয়া পাহাৰৰ অবৈধ ধ্বংসযজ্ঞ।

একাংশ অসাধু ব্যৱসায়ীয়ে পূৰ্ণ গতিত অব্যাহত ৰাখিছে পাহাৰৰ শিল-মাটিৰ অবৈধ খনন।

ইয়াৰ মাজতে সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

পাহাৰৰ মাটি খান্দােতে মৃত্যু ঘটিল এজন যুৱকৰ।

G3 26
অবৈধভাৱে খননৰ সময়তে পাহাৰ খহি যুৱকৰ কৰুণ মৃত্যু 3

এই ঘটনা সংঘটিত হ’ল ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ খণ্ড এলেকাত থকা জৱাহৰ বিদ্যালয়ৰ কাষৰীয়া অঞ্চলত।

মৃত যুৱকজন বাঘমাৰা অঞ্চলৰ বাসিন্দা ইছান জাকিৰ হুছেইন (২৮)।

অভিযােগ অনুসৰি, দীৰ্ঘদিনৰে পৰা গৌৰীপুৰৰ আলমগঞ্জত পাহাৰত দীৰ্ঘদিনৰ পৰা অসাধু চক্রই চোৰাংভাৱে পাহাৰ খনন কৰি মাটি বিক্ৰী কৰি আছিল।

বুধবাৰেও পাহাৰখনত মাটি খনন চলি থকাৰ সময়তে পাহাৰখনৰ মাটি খহি জাকিৰ হুছেইন নামৰ যুৱকজনৰ মৃত্যু ঘটে।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

লগতে নিহত শ্রমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰি আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীৰ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

G1 43
অবৈধভাৱে খননৰ সময়তে পাহাৰ খহি যুৱকৰ কৰুণ মৃত্যু 4

Leave a Comment