শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পানী যােগান আঁচনি প্ৰকল্পৰ মূল প্ৰৱেশ দ্বাৰত থকা লােৰ গে’ট ভাঙি কৰুণ মৃত্যু এগৰাকী ৩ বছৰীয়া কণমানিৰ।

এই ঘটনাৰ স্থান চিৰাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পশ্চিম এংকৰবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি।

289563
শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু 5

জানিব পৰা মতে, পানী যোগান আঁচনিৰ গেটৰ সন্মুখত খেলি থকাৰ সময়তে গে’ট ভাঙি গাৰ ওপৰত পৰি মৃত্যু হয় চিৰাঙৰ পশ্চিম এংকৰবাৰী গাঁৱৰ বাসিন্দা দিলীপ ৰায়ৰ কন্যা টিনা ৰায় (৩)ৰ নামৰ কন্যা শিশুটিৰ।

p3 12
শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু 6

স্থানীয় লােকে প্ৰকাশ কৰা অনুসৰি, জলজীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ চাৰিসীমাৰ দেৱালৰ গেটখন অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলতে এই ঘটনা সংঘটিত হয়।

শিশুটিৰ মৃত্যু বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগকে জগৰীয়া কৰি স্থানীয় লােকে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তােলে।

p2 16
শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু 7

কণমানিজনীৰ পৰিয়ালৰ লােকেও এই দুৰ্ঘটনাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগকে জগৰীয়া কৰে।

লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰৰ বিৰুদ্ধে পৰ্যায়ৰ তদত্তৰ দাবী কৰে লোকসকলে।

লগতে চাওকঃ

শােকাৱহ ঘটনা! ট্ৰেন্সফৰ্মাৰৰ বিস্ফোৰণত মৃত্যু স্কুটি আৰোহী পিতা-পুত্ৰীৰ

G5 16
শােকাৱহ! খেলি থাকোতে পানী যোগান আঁচনিৰ লোৰ গেট ভাগি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু 8

Leave a Comment