অমানৱীয়! খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি খালে ভোজ-ভাত, এজনক গ্ৰেপ্তাৰ…

এদল মাংস লোলুপ নির্দয় মানুহৰ নিৰ্লজ্জ কাণ্ড।

খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি খালে ভোজ-ভাত।

জীৱ শ্ৰেষ্ঠ মানুহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম’হ বধ কৰি উদৰ পূৰাবলৈ কুণ্ঠাবোধ কৰা নাই।

image 2022 03 24 125146
অমানৱীয়! খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম'হ বধ কৰি খালে ভোজ-ভাত, এজনক গ্ৰেপ্তাৰ... 2

বিশ্বনাথৰ একাংশ মাংসলোভী লোকে সংঘটিত কৰা এই ঘটনাই হতবাক কৰি তুলিছে সকলোকে।

বিশ্বনাথ জিলা বন্যপ্রাণী সংমণ্ডলৰ বন বিষয়া ইকবাল হুছেইনৰ নেতৃত্বত আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সহযোগত বিশ্বনাথৰ বালিডুবি অঞ্চলৰ পৰা বনৰীয়া ম’হৰ কলিজা আৰু ছালসহ ৰহমত আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিচতে এই কথা পোহৰলৈ আহে।

জানিব পৰা মতে, মঙলবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দাঁতিকাষৰীয়া বালিডুবিলৈ খাদ্যৰ সন্ধানত ওলাই অহা এটা ম’হ একাংশ লোকে প্ৰথমে ট্ৰেক্টৰেৰে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে আৰু পৰৱৰ্তী সময়ত অস্ত্ৰৰে হানি-খুচি হত্যা কৰি লগে-ভালে ভক্ষণ কৰে।

ইতিমধ্যে বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত মৃত ম’হটোৰ কলিজা আৰু ছালসহ ৰহমত আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ইফালে বন বিভাগৰ অভিযানকাৰী দলটোৱে এই ম’হ বধ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত হজৰত আলী আৰু আন আন লোকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

লগতে এই ম’হ বধ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰখন জব্দ কৰাৰ ব্যৱস্থা কৰিছে বুলি বন বিষয়া ইকবাল হুছেইনে প্ৰকাশ কৰে।

Leave a Comment