ৰাষ্ট্ৰীয়অসমীয়া

অবিশ্বাস্য! বুলডোজাৰ লৈ এটিএম চুৰি কৰিবলৈ আহিল চোৰ, তাৰ পিছত…

নিউজ ডেস্ক। সমগ্ৰ দেশজুৰি এতিয়া চৰ্চাত আছে বুলডোজাৰ।

উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হোৱা এই বুলডোজাৰ চৰ্চাৰ মাজতে মহাৰাষ্ট্ৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। জেচিবিৰে চোৰে উঠাই লৈ গ’ল এটা এটিএম মেচিন।

এই চুৰিকাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ চাংলিৰ মিৰাজ এলেকাত।

ইতিমধ্যে এটিএমৰ ভিতৰৰ চিচি টিভি কেমেৰাত বন্দী চুৰিকাণ্ডৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। চোৰে জেচিবি ব্যৱহাৰ কৰি এটিএমটো ভাঙি পেলোৱা পৰিলক্ষিত হৈছে ভাইৰেল ভিডিঅ’ত।

G7 6

এই চুৰিকাণ্ড শনিবাৰে মাজনিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এক্সিছ বেংকৰ এটিএমটোত চুৰিকাণ্ডৰ সময়ত ২৭ লাখ টকা আছিল। অৱশ্যে চোৰে টকাখিনি চুৰি কৰাত ব্যৰ্থ হয়।

ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চুৰি কাৰ্যত ব্যৱহৃত জেচিবি খন একেদিনাই চাংলিৰ এটা পেট্ৰ’ল পাম্পৰ সন্মুখৰ পৰা চুৰি হৈছিল। আৰক্ষীয়ে পেট্ৰ’ল পাম্পৰ চিচি টিভি ফুটেজৰ ওপৰত ভিত্তি কৰি চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

লক্ষণীয়ভাৱে বুলডোজাৰ ব্যৱহাৰ কৰি এটিএম চুৰিকাণ্ড সংঘটিত কৰা এয়াই প্ৰথম ঘটনা।

এই চুৰিকাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেটিজেনে।

1 3

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিহাৰতো এক আশ্বৰ্যকৰ চুৰিকাণ্ড সংঘটিত হৈছিল। ৰাজ্যখনৰ ৰোহতাছ জিলাত এখন পুৰণি লোহাৰ দলং সম্পূৰ্ণৰূপে চুৰি কৰিছিল চোৰৰ এটা দলে।

জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সহযোগত আশ্বৰ্যজনকভাৱে চোৰে এই চুৰিকাণ্ড সংঘটিত কৰিছিল।

লগতে চাওকঃ

শােকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত পত্নীসহ প্ৰাণ হেৰুৱালে সেনাৰ চুবেদাৰ মেজৰ হনুমানদিন শৰ্মাই…

G1 32

Leave a Reply

Your email address will not be published. Required fields are marked *