সি মহা বদমাছ! আলফা (স্বা)ৰ হাতত বন্দী আৰক্ষীৰ ‘গুপ্তচৰ’ সঞ্জীৱ শৰ্মাক লৈ মন্তব্য মাক-মাহীমাকৰ

নিউজ ডেস্ক। আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা অসম আৰক্ষীৰ গুপ্তচৰ সঞ্জীৱ শৰ্মাক লৈ পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ নিৱাসী সঞ্জীৱ শৰ্মাক লৈ বহু কথাই গ’লে তেওঁৰ মাতৃ আৰু গাঁওবাসীয়ে।

উল্লেখ্য যে, আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ ভিডিঅ’টোত যুৱকজনে বাৰে বাৰে উল্লেখ কৰিছে পেৰা কমাণ্ডো অপূৰ্ব কুমাৰ শৰ্মাৰ নাম।

G2 32
সি মহা বদমাছ! আলফা (স্বা)ৰ হাতত বন্দী আৰক্ষীৰ 'গুপ্তচৰ' সঞ্জীৱ শৰ্মাক লৈ মন্তব্য মাক-মাহীমাকৰ 2

সঞ্জীৱৰ মতে, অপূৰ্ব কুমাৰ শৰ্মা তেওঁৰ সম্পৰ্কীয় ককায়েক আছিল, যাক আলফা স্বাধীনে মনিপুৰ এম্বুজত নিৰ্মমভৱে হত্যা কৰিছিল।

ভাতৃক হত্যা কৰাৰ প্ৰতিশোধ ল’বলৈকে সঞ্জীৱ শৰ্মাই যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু জনৈক ধুনুমণি শইকীয়া নামৰ সেনা বিষয়াৰ পৰামৰ্শত আলফা স্বাধীনত যোগ দিয়া বুলি মন্তব্য কৰিছিল যুৱকজনে।

কিন্তু লক্ষণীয়ভাৱে সঞ্জীৱ শৰ্মাই বাৰে বাৰে নাম উল্লেখ কৰা অপূৰ্ব কুমাৰ শৰ্মাক চিনিয়েই নাপায় তেওঁৰ মাতৃ আৰু গাঁওবাসীয়ে।

জানিব পৰা মতে, সঞ্জীৱৰ মাতৃৰ নিধনৰ পিছত পিতৃয়ে দ্বিতীয় বিবাহ কৰিছিল। তেতিয়া সঞ্জীৱৰ আছিল ৮ বছৰ বয়স। যুৱকজনৰ মাহীমাকে সঞ্জীৱক ‘বৰ বদমাছ’ ল’ৰা বুলি অভিহিত কৰিছে।

যুৱকজনৰ মাহীমাকে অভিযোগ কৰা মতে, ঘৰত থকা সময়ত প্ৰায়ে পিতৃ আৰু মাহীমাকক মাৰধৰ কৰিছিল সঞ্জীৱে। ঘৰৰ সকলো সম্পদ বিক্ৰী কৰি তহিলং কৰিছিল।

আনহাতে এগৰকী কিশোৰীক ঘৰলৈ পলুৱাই অনাৰ অভিযোগত সঞ্জীৱ শৰ্মাই জে’ললৈ যাবলগীয়া হৈছিল বুলি মন্তব্য কৰে মাহীমাকে। সঞ্জীৱক মিছলীয়া আখ্যা দি অপূৰ্ব শৰ্মা নামৰ কোনো লোকক চিনিয়েই নাপায় বুলি কয় তেওঁ।

একেদৰে গাঁওবাসীয়েও চিনি নাপায় অপূৰ্ব শৰ্মা নামৰ কোনো লোকক। এবছৰ ধৰি ঘৰৰ পৰা আতৰি থকা সঞ্জীৱে কামাখ্যাত এজন ব্যক্তিৰ লগত থকা বুলিহে ঘৰত কৈছিল বুলি মন্তব্য সকলোৱে।

এনে পৰিপ্ৰেক্ষিতত আলফা স্বাধীনৰ ওচৰত বন্দী হৈ থকা আৰু নিজকে অসম আৰক্ষীৰ গুপ্তচৰ বুলি পৰিচয় দিয়া সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ কথাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

সমান্তৰালভাৱে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তইও এই সমগ্ৰ বিষয়ৰ ওপৰত মন্তব্য দিয়াৰ পৰা আতৰি থকা পৰিলক্ষিত হয়।

যাৰ বাবে সমগ্ৰ কাণ্ড এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে। দৰাচলতে সঞ্জীৱ শৰ্মাই কোৱা কথা সঁচা নে মিছা, অপূৰ্ব কুমাৰ শৰ্মা বুলি কোনো পেৰা কমাণ্ডো প্ৰকৃততে শ্বহীদ হৈছে নেকি, আদি প্ৰশ্নই ক্ৰিয়া কৰিছে সকলোৰে মনত।

Leave a Comment