অসমীয়াৰাষ্ট্ৰীয়

অনন্য নিদৰ্শন! ৰামায়ণৰ ওপৰত আয়োজিত কুইজ প্ৰতিযোগিতাত বিজয়ী হ’ল দুই মুছলমান ছাত্ৰ

নিউজ ডেস্কঃ হিন্দু ধৰ্মৰ ৰামায়ন মাহ উপলক্ষ্যে আয়োজন কৰা ৰামায়ন কুইজ প্ৰতিযোগিতাত বিজয়ী লাভ কৰি সমগ্ৰ দেশজুৰি প্ৰশংসিত হৈ পৰিছে দুগৰাকী মুছলমান ছাত্ৰ।

ধৰ্মৰ নামত দেশত একাংশই বিষবাষ্প বিয়পাই মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰাৰ সময়তে দুগৰাকী মুছলমান ছাত্ৰই হিন্দু মহাকাব্য ৰামায়নৰ ওপৰত আয়োজন কৰা কুইজ প্ৰতিযোগিতাত বিজয়ী হৈ আকৌ এবাৰ দাঙি ধৰিছে একতাৰ নিদৰ্শন।

উল্লেখ্য যে, শেহতীয়াকৈ ডিচি বুকছৰ দ্বাৰা অনলাইন কৰা হৈছিল ৰামায়ণ কুউজ প্ৰতিযোগিতা। য’ত বিজয়ী হয় মহম্মদ বসিত এম আৰু জাবিৰ পি কেয়ে।

এই অনলাইন কুইজ প্ৰতিযোগিতাখনত অযোধ্যা কাণ্ডৰ পৰা লক্ষ্মণৰ ক্ৰোধ আৰু ৰামৰ বনবাস সম্পৰ্কে বিভিন্ন প্ৰশ্ন সোধা হয়। যাৰ উত্তৰ স্পষ্ট ভাৱে দিবলৈ সক্ষম হোৱাৰ লগতে মুছলমান ছাত্ৰ দুজনে প্ৰতিটো উত্তৰৰ আঁৰৰ কাহিনীও বিতংভাৱে বৰ্ণনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

image 58

ইছলামিক মহাবিদ্যালয়ৰ দুয়োগৰাকী ছাত্ৰৰ এই সফলতাৰ পিছতে অনেক জনে তেওঁলোকক প্ৰশংসা আৰু শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজয়ী ছাত্ৰ জাবিৰে কয় যে তেওঁলোকে সৰুৰে পৰাই মহাকাব্য খনৰ বিষয়ে জানিছিল যদিও ৱাফী পাঠ্যক্ৰমত যোগদান কৰাৰ পিছত ৰামায়ণ আৰু হিন্দু ধৰ্মৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰে।

অন্য ধৰ্ম গ্ৰন্থৰ বিপুল সংকলন থকা মহাবিদ্যালয়ৰ বিশাল পুথিভঁৰালটোৱে তেওঁলোকক মহাকাব্যসমূহ পঢ়ি বুজিবলৈ সহায় কৰা বুলিও মন্তব্য কৰে জাবিৰে।

তেওঁ কয়, “সকলো ভাৰতীয়ই ৰামায়ণ আৰু মহাভাৰত মহাকাব্যসমূহ পঢ়ি শিকিব লাগিব, কাৰণ ই দেশৰ সংস্কৃতি, পৰম্পৰা, ইতিহাসৰ অংশ। মই বিশ্বাস কৰোঁ যে এই গ্ৰন্থসমূহ শিকিব পৰা আৰু বুজি পোৱাটো আমাৰ দায়িত্ব।’

ভগৱান ৰাম ধাৰ্ম্মিকতা, সহনশীলতা আৰু শান্তিৰ প্ৰতীক বুলি আঙুলিয়াই দি ৱাফী ছাত্ৰজনে কয় যে এনে উন্নত গুণ প্ৰতিজন মানুহে গ্ৰহণ কৰিব লাগে।

জাবিৰে পুনৰ কয়, “পিতৃ দশৰথক দিয়া প্ৰতিজ্ঞা পূৰণৰ বাবে ৰামে নিজৰ ৰাজ্যকো ত্যাগ কৰিবলগীয়া হৈছিল। ক্ষমতাৰ বাবে অন্তহীন সংগ্ৰামৰ সময়ছোৱাত বাস কৰি থাকোঁতে আমি ৰামৰ দৰে চৰিত্ৰ আৰু ৰামায়ণৰ দৰে মহাকাব্যৰ বাৰ্তাৰ পৰা প্ৰেৰণা আহৰণ কৰা উচিত।’

অন্যহাতে কুইজ প্ৰতিযোগিতাত বিজয়ী হোৱা বসিথে কয় যে বিস্তৃত পঠনে অন্য ধৰ্ম আৰু সেই সম্প্ৰদায়ৰ লোকসকলক অধিক বুজিবলৈ সহায় কৰিব। তেওঁ কয় যে কোনো ধৰ্মই ঘৃণাক প্ৰসাৰিত নকৰে বৰঞ্চ কেৱল শান্তি আৰু সম্প্ৰীতিৰ প্ৰচাৰ কৰে। কুইজত জয়ী হোৱাটোৱে তেওঁক মহাকাব্যখন অধিক গভীৰভাৱে শিকিবলৈ অধিক প্ৰেৰণা যোগোৱা বুলিও মন্তব্য কৰে বসিথে।