বৃহৎ সাফল্য! NCB ৰ অভিযানত জব্দ ১৪ কোটি টকা মূল্যৰ ড্ৰাগছ

নাৰ্ক’টিক কণ্ট্ৰল ব্যুৰ’ৰ বৃহৎ সাফল্য!

সোণাপুৰৰ নাজিৰাখাট টোলগেটত দুখন বাহনৰ পৰা জব্দ নিষিদ্ধ মাৰফিন।

নাৰ্কোটিক কন্ট্ৰোল ব্যুৰ’ৱে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ কেচা সামগ্ৰী নিষিদ্ধ মাৰফিন।

মনিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল AS 01 EV 8493 আৰু AS 03 H 3191 বাহন কেইখন।

অভিযানকালত সৰবৰাহকাৰী বিখ্যাত পাখি মিয়াৰ পুত্ৰৰ লগতে মুঠ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰিছে ।

অভিযুক্ত কেইজনৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে আধা কেজিকৈ ২৪ পেকেট মাৰফিন।

যাৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি বুলি জানিব পৰা গৈছে।

Leave a Comment