অখিল গগৈয়ে এতিয়া মোগললৈ ক’নভাৰ্ট হৈছেঃ পীযুষ হাজৰিকা

নিউজ ডেস্কঃ বান সমস্যা, বটদ্ৰৱা কাণ্ড, আঠখেলিয়া কাণ্ডৰ দৰে ভয়াবহ আৰু গুৰুত্বপূৰ্ণ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তো ৰাজনৈতিক নেতাৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতি।

অখিল গগৈয়ে সোমবাৰে পীযুষ হাজিৰাকৰ গাত মোগলৰ তেজ থকা বুলি কটাক্ষ কৰাৰ পিছতে এইবাৰ অখিল গগৈক উভতি ধৰিলে ৰাজ্য চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই।

অখিল গগৈৰ গাত আৰু এতিয়া লাচিতৰ তেজ নাই বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এতিয়া অখিল গগৈয়ে মোগললৈ ক’নভাৰ্ট হৈছে।

পীযুষ হাজৰিকাই কয়, ‘হ’ব পাৰে অখিল গগৈ আগতে লাচিতৰ বংশধৰ আছিল। কিন্তু আগতে যিদৰে হিন্দুৰ পৰা মুছলমানলৈ ধৰ্মান্তৰকৰণ হৈছিল, সেইদৰে অখিল গগৈও এতিয়া মোগললৈ কনভাৰ্ট হৈছে।’

উল্লেখ্য যে, সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পীযুষ হাজৰিকাক সমালোচনা কৰি নিজকে লাচিত বৰফুকনৰ একে বংশৰ মানুহ বুুলি দাবী কৰাৰ বিপৰীতে পীযুষ হাজৰিকা মোগলৰ বংশধৰ বুলি মন্তব্য কৰিছিল।

Leave a Comment