অসম

গুণোৎসৱৰ মাজতে অঘটন! শ্ৰেণীকোঠাতে মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে…

ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈছে গুণোৎসৱ।

গুণোৎসৱৰ মাজতে ডিমৌৰ এখন বিদ্যালয়ত ঘটিল অঘটন।

শ্ৰেণীকোঠাতে কৰুণ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষকে।

কৰুণ মৃত্যুক আকোৱালি লোৱা শিক্ষকগৰাকী হ’ল অমৰজিত দত্ত।

image 75

ডিমৌৰ ৫৭ নং বৰগাঁও ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

বিদ্যালয়ৰ পাঠদান কৰি থকা সময়তে হঠাতে ঢলি পৰি মৃত্যু হয় শিক্ষকজনৰ।

বিদ্যালয়খনৰ সহকাৰী শিক্ষক অমৰজিত দত্তৰ এই অকাল বিয়োগে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *