অসম

ম’বাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা ৩ সতীৰ্থৰ সহযোগত ১৯ লাখ টকা সৰকালে পুত্ৰই…

কিমান ভয়ংকৰ হ’ব পাৰে অনলাইন গেমৰ আসক্তি।

অনলাইন গেমৰ আসক্তিৰ ফলত এইবাৰ শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড।

ম’বাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা ৩ সতীৰ্থৰ সহযোগত ১৯ লাখ টকা সৰকালে পুত্ৰই।

 উল্লেখ্য যে উক্ত মহিলাগৰাকীৰ নাম ৰুমী চুতীয়া দত্ত।

জিতু দত্তৰ পত্নী ৰুমি চেতিয়া দত্তৰ আই চি আই চি আই বেংকৰ ০৬২১০১৫০৩৮০৫ নম্বৰৰ একাউণ্টৰ পৰা নাবালক পুত্ৰই তিনি সতীৰ্থৰ সহযোগত সৰকই নিয়ে উক্ত বৃহৎ ধনৰাশি।

ইতিমধ্যেই সদৰ থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে।

১১১৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ আই পি চি ৪২০/৪০৬ ধাৰাৰ অধীনত অভিযুক্ত চাৰিওজনক আটক কৰা হৈছে।

উল্লেখ্য যে, এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *