ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে সুখবৰঃ ৬০ বছৰ বয়সলৈকে কৰিব পাৰিব চাকৰি!

নিউজ ডেস্ক। চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

ঠিকাভিত্তিক শিক্ষকসকলক যাতে নিয়মীয়া শিক্ষকসকলৰ দৰে প্ৰতিমাহে সমহাৰত বেতন প্ৰদান কৰিব পৰা যায়, তাৰ বাবেও বিত্ত বিভাগৰ সৈতে আলোচনা চলি থকা বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।

FKApk-C9ak-AIx99y

শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, “ঠিকাভিত্তিক শব্দটোৰ অৰ্থই হৈছে নিয়মীয়া নহয়। কিন্তু চৰকাৰখনে তেওঁলোকক প্ৰায় নিয়মীয়া কৰিছে।”

পেগুৱে লগতে কয়, “চৰকাৰ এখন পৰিচালিত হয় নিৰ্দিষ্ট আইন, বিধি আৰু নীতিৰ দ্বাৰা। গতিকে কোনো এটা বিষয় যেতিয়া ৰুলে পাৰ্মিট নকৰে, তেতিয়া চৰকাৰৰ বাবেই সমস্যা হয়।

এতেকে তেওঁলোকক যিহেতু আৰম্ভণিতে ঠিকাভিত্তিক হিচাপে দিয়া হৈছিল, কিন্তু চৰকাৰে আজি সিদ্ধান্ত লৈছে যে তেওঁলোকৰ চাকৰি ৬০ বছৰ বয়সলৈকে থাকিব আৰু সমহাৰত বেতন পাব।”

ঠিকাভিত্তিক শিক্ষক সকলৰ দৰমহা যাতে নিয়মীয়া শিক্ষক সকলৰ দৰে প্ৰতিমাহে প্ৰদান কৰিব পাৰি, তাৰ বাবে শিক্ষা বিভাগে বিত্ত বিভাগৰ সৈতে আলোচনা চলাই থকা বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

লগতে চাওকঃ

বিলাসী গাড়ী-ঘােঁৰাত নহয়, এছকেভেটৰত উঠি কইনা ঘৰত উপস্থিত হ’ল দৰা!

G9

২০২৪ত বিজেপিক পৰাজিত কৰা সম্ভৱ, কিন্তু… বিৰোধীৰ বাবে তিনিটা উপায় দিলে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে

G7

Leave a Comment