৩ ছেপ্টেম্বৰৰ পৰা পুনৰ ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হ’ব বিমান সেৱা…

৩ ছেপ্টেম্বৰৰ পৰা পুনৰ ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হ’ব বিমান সেৱা।

 Air Bubble Agreementৰ অধীনত পুনৰ আৰম্ভ হ’ব বিমান সেৱা।

দেশজুৰি ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে বিগত চাৰি মাহ ধৰি স্থগিত আছিল বিমান সেৱা।

শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত দুয়োখন দেশৰ মাজত পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

শনিবাৰে ভাৰতীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিযোগে বিমান যাত্ৰাৰ ক্ষেত্ৰত বলৱৎ হ’বলগীয়া বিভিন্ন নীতি নিৰ্দেশনাসমূহৰ বিষয়ে প্ৰকাশ কৰিছে।

এই নিৰ্দেশনা অনুসৰি বাংলাদেশৰ পৰা ভাৰতলৈ ভ্ৰমণ কৰা যাত্ৰীসকলৰ ক’ভিড নিগেটিভ ৰিপৰ্ট থকাটো বাধ্যতামূলক।

লগতে, সংশ্লিষ্ট ভাৰতীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত যাত্ৰীসকলে পুনৰ বাধ্যতামূলকভাৱে কৰিব লাগিব ক’ভিড পৰীক্ষা।

আনহাতে, যাত্ৰাৰ সময়ছোৱাত সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাৰ লগতে সকলো ক’ভিড বিধি মানি চলাতো বাধ্যতামূলক।

Image

Leave a Comment