২ কােটি টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ আছাম ৰাইফলছৰ

নিউজ ডেস্ক। আছাম ৰাইফলছৰ বৃহৎ সফলতা।

মিজোৰামৰ চম্ফাইত আছাম ৰাইফলছৰ জোৱানে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।

জব্দ কৰা চিৰাগেটৰ মূল্য হ’ব প্ৰায় ২ কোটি টকাৰো অধিক।

চিগাৰেটখিনি ১৩৪ টা বাকচত ভৰাই অনা হৈছিল বুলি জানিব পৰা যায়।

সূত্ৰ অনুসৰি, বিদেশী চিগাৰেটখিনিৰ খবৰ লাভ কৰি আছাম ৰাইফলছ আৰু চম্ফাই শুল্ক বিভাগে অভিযান আৰম্ভ কৰে।

অভিযান কালত চোৰাং চিগাৰেটখিনি জব্দ কৰিবলৈ সক্ষম হয় আছাম ৰাইফলছ আৰু চম্ফাই শুল্ক বিভাগ।

জব্দ কৰা চিগাৰেটখিনি চম্ফাই শুল্ক বিভাগে নিজৰ জিম্মাত ৰাখে।

Leave a Comment