ৰাষ্ট্ৰীয়

২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন…

২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন।

২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব শীতকালীন অধিৱেশন।

সম্পূ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হ’ব অধিৱেসন।

অধিৱেশনৰ সময়ত প্ৰায় ২০ খন সভা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই অধিৱেশন খ্ৰীষ্টমাছৰ পূৰ্বে সমাপ্ত হ’ব।

লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনৰে একে সময়তে অনুষ্ঠিত হ’ব আৰু দুয়ো সদনৰ সদস্যসকলে কোভিড বিধি অনুসৰণ কৰিব।

সদস্যসকে সংসদ ভৱনত প্ৰৱেশ কৰাৰ পাছত সময়ত সকলো সময়তে মাস্ক পৰিধান কৰি থাকিব লাগিব।ইয়াৰ পূৰ্বে সকলোৱে কোভিড পৰীক্ষা কৰিব লাগিব।

উল্লেখ্য যে, এইবাৰৰ শীতকালীন অধিৱেশন শাসক আৰু বিৰোধী দুয়োপক্ষৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

কিয়নো সন্মুখত উত্তৰ প্ৰদেশকে ধৰি মুঠ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।

Related Articles

Leave a Reply

Back to top button