
নিউজ ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত পৰাস্ত হ’ব বিজেপি। বিহাৰৰ পৰা নিঃশেষ হ’ব সম্পূৰ্ণৰূপে। -এই ভৱিষ্যদ্বাণী ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালুপ্ৰসাদ যাদৱৰ।
শুকুৰবাৰে পাটনা বিমান বন্দৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি লালু প্ৰসাদ যাদৱে কয় যে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি দল নিঃশেষ হ’ব।
উল্লেখ্য যে, চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত থকা অসুস্থ লালু প্ৰসাদ যাদৱ যোৱা মাহত পাটনালৈ উভতি আহিছিল। সোমবাৰে তেওঁ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে ছিংগাপুৰলৈ যোৱাৰ সম্ভাৱনা আছে।
দিল্লীত থকাৰ সময়তে দেওবাৰে লালুপ্ৰসাদ যাদৱে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। তেওঁৰ এই সাক্ষাতৰ সময়ত লগত থাকিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো।
২০২৪ চনত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ লক্ষ্যৰেই ছোনীয়া গান্ধীৰ সৈতে এই বৈঠকত মিলিত হ’ব বুলি অনুমান কৰা হৈছে।
খবৰ অনুসৰি, দেওবাৰে সন্ধিয়া ৬ বজাত ছোনীয়া গান্ধীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি বিৰোধীৰ পদক্ষেপ সম্পৰ্কে অৱগত কৰিব লালুপ্ৰসাদ যাদৱে।